বিজুলী বাতি

এটা ২৩০ ভল্টৰ বৈদ্যুতিক বাল্ব, দুডাল উলম্ব তাঁৰৰ মাজত অনুভূমিকভাৱে ফিলামেণ্টডালক দেখা পোৱা গৈছে।

বিজুলী বাতি বা বৈদ্যুতিক বাল্ব হৈছে এক পোহৰৰ উৎস য'ত ফিলামেণ্টৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ যোৱাৰ ফলত গৰম হৈ পোহৰৰ সৃষ্টি কৰে। গৰম ফিলামেণ্টডাল জ্বলি যোৱাৰ পৰা বচাবলৈ বায়ু শূন্য বা সম্ভ্ৰান্ত গেছেৰে পৰিপূ্ৰ্ণ কাঁচ বা কোৱাটৰ্জেৰে তৈয়াৰী পাত্ৰৰ ভিতৰত ৰখা হয়। বাল্বটোৰ ফিলামেণ্টলৈ ইয়াৰ ভিতৰত লাগি থকা তাঁৰ দুডালৰ মাজেৰে বিদ্যুৎ পঠিওৱা হয়।

বিভিন্ন আকৃতি,বিভৱ ভেদ (১,৫-৩০০ ভল্টলৈ), পোহৰ দিয়া আদিৰ হিচাবে বিভিন্ন প্ৰকাৰৰ বাল্ব তৈয়াৰ কৰা হয়। কম খৰচতে পোৱা এনে বাল্বসমূহ পৰিৱৰ্তী আৰু একমুখী দুয়োটা বিধৰ বিজুলী প্ৰৱাহেৰে চলাব পাৰি।

ইতিহাস

বুৰঞ্জীবিদ ৰবাৰ্ট ফ্ৰিডেল (Robert Friedel) আৰু প'ল ইজৰাইলে (Paul Israel) বৈদ্যুতিক বাল্বৰ উদ্ভাৱনকাৰীৰ তালিকাত প্ৰমুখ্যে জোছেফ শ্বান (Joseph Swan) আৰু টমাছ আলভা এডিচনকে (Thomas Alva Edison) ধৰি ২২জন উদ্ভাৱনকাৰীৰ তালিকা প্ৰস্তত কৰি উলিয়াইছিল। তেওঁলোকে মন্তব্য দিছিল যে, এডিচনৰ উদ্ভাৱনটো তিনিটা কাৰণত আনবোৰতকৈ বেছি ব্যৱহাৰযোগ্য আছিল- ১)উপযুক্ত ফিলামেণ্ট (filament) জাতীয় পদাৰ্থ, ২) আনবোৰতকৈ বেছি বায়ুশূন্য (vacuum) অৱস্থা পাব পাৰিছিল আৰু ৩) অতি বেছি ৰোধৰ (resistance) কাৰণে শক্তি উৎসসমূহৰ পৰা কম ক্ষমতা (power) খৰচ হোৱাত বাণিজ্যিকভাৱে সফল হৈছিল।

ব্যৱহাৰ

বৈদ্যুতিক বাল্বসমূহ বহল পৰিসৰত মানুহৰ ঘৰত, ঔদ্যোগিক বা বাণিজ্যিক কাৰণত, মটৰ গাড়ীত, বিভিন্ন সাজঁ-সজ্জাত আৰু বিজ্ঞাপনত ব্যৱহাৰ কৰা হয়।