জেৰাৰ্ড মৌৰো | |
---|---|
জন্ম | জেৰাৰ্ড এলবাৰ্ট মৌৰো ২২ জুন, ১৯৪৪ (৭৯ বছৰ) এলবাৰ্টভিলে, ফ্ৰান্স |
কৰ্মস্থান | ইকল পলিটেকনিক ENSTA পেৰিছটেক ৰচেষ্টাৰ বিশ্ববিদ্যালয় মিছিগান বিশ্ববিদ্যালয় |
জনা যায় | চিৰপেদ পালছ্ এম্পলিফিকেচন |
উল্লেখনীয় বঁটা | পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা(২০১৮) |
জেৰাৰ্ড এলবাৰ্ট মৌৰো (ফৰাচী: Gérard Albert Mourou; ফৰাচী: ; জন্ম: ২২ জুন ১৯৪৪) এজন ফ্ৰেন্স বৈজ্ঞানিক। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিকতা আৰু লেজাৰ বিশেষজ্ঞ। তেওঁ তেওঁৰ ছাত্ৰী ডনা ষ্ট্ৰিকলেণ্ডৰ সৈতে চিৰপেদ পালছ্ এম্পলিফিকেচন নামৰ প্ৰযুক্তি আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰৰ বাবে তেওঁলোকে আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱে ২০১৮ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
১৯৯৪ চনত মৌৰো আৰু তেওঁৰ দলে মিছিগান বিশ্ববিদ্যালয়ত চেল্ফ ফকাছিং প্ৰতিসৰণ (কেৰ ইফেক্ট) আৰু আয়নিকৰণৰ সহায়ত চেল্ফ এতেনোৱাটিং ডিফ্ৰাকচন ৰ মাজত সমানতা আৱিষ্কাৰ কৰে।